মই দ্বীপ নহও, বিশাল সাগৰৰ ধৌ এজাক
মৰুভূমিৰ অভিমান সহাই বৰষুণজাকৰ দৰে
গুচি যাও সুৰ বিলাই, কাগজী নাওঁ বুৰাই
জোকাৰি দিও স্মৃতি, এমুঠি মৰম গুজি
আইৰ চৰণৰ ধূলি বুটলি....
ৰঙা নদী নুবুজো তোমাৰ ব্যথা
বছৰি নিৰীহৰ কামিহাড় ভাঙি
কিয় পলোৱা কপটীৰ ক্ষুধা
কিহে উকিয়াই তোমাৰ বুকুত মানৱীয়্তা
স্বাধীনতাৰ পতাকা নে শান্তিৰ কপৌ উৰাই?
উত্তৰবিহীন, তুমি যে মাথোঁ সাথৰ এটি !
নিলাচল তোমাৰ উঠন বুকুত
অত্তালিকাৰে ৰঁদালি লুকালে কোনে?
মৰম নুবুজা শালীনতাৰ ভন্দ খেলা
বিভিষিকাৰে অৰুনোদয়ৰ বুকু ৰাঙলি
তথাপি নিমাত কিয় তুমি ?
মেলি দে নাওঁ, হেৰো নাৱৰিয়া
ধৌ’ৰ ছেৱে-ছেৱে বিলাই যাও বতৰা
যাযাবৰী মই,উলালো নিলিম বিচাৰি .....
2 comments:
awesome! loved this powerful piece of work! keep it up!
You also find nice article here Satirtha
Post a Comment