Thursday, March 15, 2012

ফিৰিঙতি

তুমি ফিৰিঙতি
মোৰ মৰমৰ,
আলফুলে ৰচাঁ সহস্ৰ সপোনৰ |
এন্ধাৰক নেওচি উৰি যোৱা
পোহৰাই দিয়া মোৰ মন-আকাশ
মোৰ স্বপ্ন-তৰা, তুমি জোনাকী
অপেক্ষাৰত, নিশা উজাগৰি |

হাত নেমেলো চন্দ্ৰ তৰা বিচাৰি
আঙুলি ফাঁকেৰে স্পন্দন এমুঠি
চতিয়াই এধানি ৰং হেপাহৰ
প্ৰেৰণা জগোৱা পোহৰ সানি
গুনগুননিৰে নিশাৰ মৌনতা ভাঙি
বন্তি জ্বলোৱা সকলোৰে হৃদয়্ত |
অবুজ ৰাত্ৰিৰ প্ৰহেলিকা তুমি
তুমি ফিৰিঙতি, তুমি  জোনাকী |