Friday, February 10, 2012

হেৰোৱা সপোন


এন্ধাৰৰ সুৰ ভেদি আবেগৰ কোলাহল
জোনাক ব্যস্ত, ব্যৰ্থ শব্দৰ সমদল
স্মৃতিৰ এলান্ধুয়ে আৱৰিচে আজি ভাৱনাৰ তল |

সোণালী শৈশৱ আৰু মত্স্যগন্ধা
নদী পাৰৰ ধেমালি
আজি মাথো স্মৃতি ,
কিছু মৰমসনা প্ৰতিশ্ৰুতি |

ত হেৰাল
অকণি আকাশৰ তৰা গনি 
শুনা আইতাৰ সাধুৰ ৰজা-ৰানী ?
তাহানিৰ বগৰীজোপাও দেখোন নাই |
আজিকালি
ৰালিৰ দিকচৌ বাটেৰে
খুৰাহঁতলৈ জলপান নিনিওঁ
পাৰত বহি বৰশীও নাবাওঁ |

নতুনক আদৰিবলে আজি নাই পাৰিজাত
আছে মাথোঁ তেজাল ৰাতিৰ বিভীষিকা
কুৱলীয়া দিথক, কিছু খেলিমেলি সপোন
এৰা ! তিয়া মই ডাঙৰ হলো  !

গেন্জি-হাফ পেন্ট এৰি
চুত পিন্ধা অফিচাৰ হলো ;
মৰম এৰি মানুহৰ চেলাম পালো
তাহানিৰ গাওঁবোৰো চহৰ হ’ল
বুঢ়া লুইত বুকুতে ৰই গ’ল
এখন উকা হৃদয় আৰু শেতাঁ হাঁহিয়ে
আজি মোৰ একমাত্ৰ সম্বল|

 এতিয়া
মই  ব্যস্ত
সপোন মচি দিঠক গঢ়াত 
তথাপিও, মাজে-মাজে
আশাৰ পাখি মেলি 
মাতিতে আঁকো সপোনৰ ৰামধেনু
উভতিব খোজো আপোন দেশলৈ
বিচাৰি কিছু হেৰোৱা সপোন
  
------ভাস্কৰজ্যতি মালী


P.S- Published in Nilacharai(http://www.nilacharai.com) March issue and আমি অসমীয়া(http://amiasomiya.org) April Issue.
p.ps- Image courtsey Google