Thursday, April 12, 2012

মাজনিশাৰ প্ৰলাপ



এক মাতাল সন্ধিয়া
ছন্দহীন সুৰৰ অভিমান
কিছু নিমিলা অংক সমাধি
মাজনিশাৰ প্ৰলাপ

শূন্য মই আৰু অবাস্তৱ তুমি
কলা-বগা খেলিমেলি জীৱনত
ৰঙীন সপোনৰ সংজ্ঞা শূন্য
প্ৰশ্ন নহও,
উত্তৰ বিহীন সাঁথৰ এটি
তথাপি, দুখোজ যাও ব’লা একেলগে
স্ৱপ্নৰ ভগ্নাৱ্শেষ বিচাৰি

নিশাতো জীয়াব দিয়া
পুৱাই আকো হেৰুয়াই যাম ভীৰত
আশাৰ মালিতা ৰিঙিয়াই
মইয়ো নিজৰ পথত আগবাঢ়ি যাম
মৌন হৃদয়ত জেউতি বিলাই |