এন্ধাৰৰ সুৰ ভেদি আবেগৰ কোলাহল
জোনাক ব্যস্ত, ব্যৰ্থ শব্দৰ সমদল
স্মৃতিৰ এলান্ধুয়ে আৱৰিচে আজি ভাৱনাৰ তল |
সোণালী শৈশৱ আৰু
মত্স্যগন্ধা
নদী পাৰৰ ধেমালি
আজি মাথো স্মৃতি ,
কিছু মৰমসনা প্ৰতিশ্ৰুতি |
ক’ত হেৰাল
অকণি আকাশৰ তৰা গনি
শুনা আইতাৰ সাধুৰ
ৰজা-ৰানী ?
তাহানিৰ বগৰীজোপাও দেখোন নাই |
আজিকালি
ল’ৰালিৰ
দিকচৌ বাটেৰে
খুৰাহঁতলৈ জলপান নিনিওঁ,
পাৰত বহি বৰশীও নাবাওঁ |
নতুনক আদৰিবলে আজি
নাই পাৰিজাত
আছে মাথোঁ
তেজাল ৰাতিৰ বিভীষিকা
কুৱলীয়া দিথক,
কিছু খেলিমেলি সপোন
এৰা ! এতিয়া মই ডাঙৰ হলো !
গেন্জি-হাফ পেন্ট এৰি
চুত পিন্ধা অফিচাৰ হলো ;
মৰম এৰি মানুহৰ চেলাম পালো
তাহানিৰ গাওঁবোৰো
চহৰ হ’ল
বুঢ়া লুইত
বুকুতে ৰই গ’ল
এখন উকা হৃদয়
আৰু শেতাঁ হাঁহিয়ে
আজি মোৰ
একমাত্ৰ সম্বল|
এতিয়া
মই ব্যস্ত
সপোন মচি দিঠক গঢ়াত
তথাপিও, মাজে-মাজে
আশাৰ পাখি মেলি
মাতিতে আঁকো সপোনৰ ৰামধেনু
উভতিব খোজো
আপোন দেশলৈ
বিচাৰি কিছু
হেৰোৱা সপোন
P.S- Published in Nilacharai(http://www.nilacharai.com) March issue and আমি অসমীয়া(http://amiasomiya.org) April Issue.
p.ps- Image courtsey Google
No comments:
Post a Comment