Friday, December 3, 2010

মোক কবি নুবুলিবা


মোক কবি নুবুলিবা
কবিতা মোৰ হৃদয়ৰ গান

বেথা জৰ্জৰিত কপ্লনাৰ ছায়া মাথো
অবিনাশী সত্যৰ সৰল প্ৰত্যাহ্বান
বন্ধ কোঠাত আবেগৰ কোলাহ’ল

ভাষা নুবুজো মই, বুজো মাথো মৰম
ভয়, তাৰনা, মায়াক কৰো হৃদয়ংগম
সপোনভিলাষী মই

অৰ্থ নুসুধিবা মোক কিম্বা কবিতাৰ
হেৰুৱাই পেলাইচো ছন্দৰ আঁত
সময়ৰ গহ্বৰত শুন্যতাৰ আলিংগন
ভঙা সপোনৰ ভগ্নাশেষ

নিবিচাৰো মোৰ কবিতাৰ সমাদৰ
মাথো এষাৰি মাত যদি পাৰা দিবা
মোৰ ভাৱনাক সহাৰি

নাম নুসুধিবা, ঠিকনাও মোৰ নাই
কবিতাই প্ৰান সংচাৰিত কৰে
সিচি আশাৰ ৰেঙনি

তথাপিও মোক কবি নুবুলিবা
কবিতা যে মাথো মোৰ হৃদয়ৰ গান

-ভাস্কৰজ্যোতি মালী

------এই কবিতাতি  aaiAssam ৰ জানুৱাৰী সংখ্যাত (http://www.aai.ind.in) আৰু   http://www.amiasomiya.co.cc/ )ৰ  জানুৱাৰী সংখ্যাৰ কাব্য শিতানত প্ৰকাশিত হইছে

1 comment:

Rajib Khan said...

baap re hosai dei ei ittian bilak itt't goi literature bohut dhuniya kori loi .. bohut dhuniya kavita likhisa bhaskar moi kovi nohoi mast...