Thursday, April 12, 2012

মাজনিশাৰ প্ৰলাপ



এক মাতাল সন্ধিয়া
ছন্দহীন সুৰৰ অভিমান
কিছু নিমিলা অংক সমাধি
মাজনিশাৰ প্ৰলাপ

শূন্য মই আৰু অবাস্তৱ তুমি
কলা-বগা খেলিমেলি জীৱনত
ৰঙীন সপোনৰ সংজ্ঞা শূন্য
প্ৰশ্ন নহও,
উত্তৰ বিহীন সাঁথৰ এটি
তথাপি, দুখোজ যাও ব’লা একেলগে
স্ৱপ্নৰ ভগ্নাৱ্শেষ বিচাৰি

নিশাতো জীয়াব দিয়া
পুৱাই আকো হেৰুয়াই যাম ভীৰত
আশাৰ মালিতা ৰিঙিয়াই
মইয়ো নিজৰ পথত আগবাঢ়ি যাম
মৌন হৃদয়ত জেউতি বিলাই |

Thursday, March 15, 2012

ফিৰিঙতি

তুমি ফিৰিঙতি
মোৰ মৰমৰ,
আলফুলে ৰচাঁ সহস্ৰ সপোনৰ |
এন্ধাৰক নেওচি উৰি যোৱা
পোহৰাই দিয়া মোৰ মন-আকাশ
মোৰ স্বপ্ন-তৰা, তুমি জোনাকী
অপেক্ষাৰত, নিশা উজাগৰি |

হাত নেমেলো চন্দ্ৰ তৰা বিচাৰি
আঙুলি ফাঁকেৰে স্পন্দন এমুঠি
চতিয়াই এধানি ৰং হেপাহৰ
প্ৰেৰণা জগোৱা পোহৰ সানি
গুনগুননিৰে নিশাৰ মৌনতা ভাঙি
বন্তি জ্বলোৱা সকলোৰে হৃদয়্ত |
অবুজ ৰাত্ৰিৰ প্ৰহেলিকা তুমি
তুমি ফিৰিঙতি, তুমি  জোনাকী |





Friday, February 10, 2012

হেৰোৱা সপোন


এন্ধাৰৰ সুৰ ভেদি আবেগৰ কোলাহল
জোনাক ব্যস্ত, ব্যৰ্থ শব্দৰ সমদল
স্মৃতিৰ এলান্ধুয়ে আৱৰিচে আজি ভাৱনাৰ তল |

সোণালী শৈশৱ আৰু মত্স্যগন্ধা
নদী পাৰৰ ধেমালি
আজি মাথো স্মৃতি ,
কিছু মৰমসনা প্ৰতিশ্ৰুতি |

ত হেৰাল
অকণি আকাশৰ তৰা গনি 
শুনা আইতাৰ সাধুৰ ৰজা-ৰানী ?
তাহানিৰ বগৰীজোপাও দেখোন নাই |
আজিকালি
ৰালিৰ দিকচৌ বাটেৰে
খুৰাহঁতলৈ জলপান নিনিওঁ
পাৰত বহি বৰশীও নাবাওঁ |

নতুনক আদৰিবলে আজি নাই পাৰিজাত
আছে মাথোঁ তেজাল ৰাতিৰ বিভীষিকা
কুৱলীয়া দিথক, কিছু খেলিমেলি সপোন
এৰা ! তিয়া মই ডাঙৰ হলো  !

গেন্জি-হাফ পেন্ট এৰি
চুত পিন্ধা অফিচাৰ হলো ;
মৰম এৰি মানুহৰ চেলাম পালো
তাহানিৰ গাওঁবোৰো চহৰ হ’ল
বুঢ়া লুইত বুকুতে ৰই গ’ল
এখন উকা হৃদয় আৰু শেতাঁ হাঁহিয়ে
আজি মোৰ একমাত্ৰ সম্বল|

 এতিয়া
মই  ব্যস্ত
সপোন মচি দিঠক গঢ়াত 
তথাপিও, মাজে-মাজে
আশাৰ পাখি মেলি 
মাতিতে আঁকো সপোনৰ ৰামধেনু
উভতিব খোজো আপোন দেশলৈ
বিচাৰি কিছু হেৰোৱা সপোন
  
------ভাস্কৰজ্যতি মালী


P.S- Published in Nilacharai(http://www.nilacharai.com) March issue and আমি অসমীয়া(http://amiasomiya.org) April Issue.
p.ps- Image courtsey Google

Friday, January 6, 2012

THE MASK



I am lonely and sad
Truth seems farce; smiles forced
And the tales stoic, like my face
A thousand, but none me
Shadows that people like to see
I’m friendly, even to strangers
With a mask, I’m one
Hiding my tears behind a lie
Of complacency, a confident me
Cry and bleed to pay for human guile

Why be judged by tears and pains
Let the world be wiser and laugh
I won’t; hence the smiley pretense
I still dream, however vain
Protect it till I’m sober again

Let’s open up our masks
I won’t know you; the lies won’t be me
And we will walk free,miles
Comforting fears while stitching a smile

Monday, December 19, 2011

Axom Shining (comicS)

p.s---Laahe-;slowly, Baanpani--flood., Bandhi--;holiday..
---bhaskarjyoti:)

Friday, November 4, 2011

এখনি চিঠি



তুলিকাৰে আঁকিলো তোমাৰে স্মৃতি
শব্দৰে খেলিলো, মইযে শিল্পী
নিৰবতাত ভাৱৰ ছ্ন্দ বিচাৰি
কবিতাতে কৰিলো তোমাৰ সৃষ্টি


আৰু,
এটি নিয়ৰসনা গধুলি
এখিলা কাগজত সাঙুৰি মৰম এধানি
লিখিলো তোমালে চিঠি,দিবা সহাৰি
ইতি,হিয়া মোৰ আৰু তুমি